যোগৰ ইতিহাস ভাৰতৰ প্ৰাচীন সভ্যতাৰ মাজত গভীৰভাৱে শিপাই আছে

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত লোৱা পদক্ষেপ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। অহা ২১ জুনত সমগ্ৰ বিশ্বতে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব। আজি আমি প্রাচীন ভাৰতীয় পৰম্পৰাৰ পৰা বিশ্বব্যাপী অভিযানলৈ যোগৰ বিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰিবলৈ লৈছো ।

 যোগৰ ইতিহাস ভাৰতৰ প্ৰাচীন সভ্যতাৰ মাজত গভীৰভাৱে শিপাই আছে। সিন্ধু-সৰস্বতী উপত্যকা সভ্যতাত যোগ আধ্যাত্মিক অনুশীলন হিচাপে আৰম্ভ হৈছিল আৰু ক্ৰমান্বয়ে আত্ম উপলব্ধিৰ দিশত যোগ অনুশাসনমূলক পথলৈ বিকশিত হ’ল। বহু বছৰ ধৰি পণ্ডিতসকলে খ্ৰীষ্টপূৰ্ব ৫০০ৰ আশে-পাশে বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়ত যোগৰ উৎপত্তি হৈছিল বুলি বিশ্বাস কৰিছিল। কিন্তু সিন্ধু-সৰস্বতী উপত্যকা সভ্যতাৰ পৰা পোৱা প্ৰত্নত্বাত্বিক তথ্যৰ পৰা যোগ বহু পুৰণি বুলি অনুমান কৰিব পাৰি। সময়ৰ লগে লগে যোগ বেদ, উপনিষদ আৰু পাছলৈ পতঞ্জলীৰ যোগসূত্ৰলৈ প্ৰৱাহিত হ’ল ৷
২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই সপ্তাহত আমি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিম। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে- এখন পৃথিৱী, এটা স্বাস্থ্যৰ বাবে যোগ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।