ডাউনলোড
মোবাইল এপ

android apple
signal

যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ আহ্বান জনায়। ড০ মন্দাভিয়াই ক্রীড়া মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত জয় ভীম যাত্ৰাৰ পতাকা উত্তোলন কৰাৰ পূৰ্বে পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত মাই ভাৰতৰ স্বেচ্ছাসেৱক আৰু যুৱক-যুৱতীসকলক উদ্দেশ্যি দিয়া ভাষণত এইদৰে কয়। তেওঁ কয়, যে দেশৰ যুৱক-যুৱতীসকলে ভাৰতীয় সংবিধানৰ মনোভাৱক সন্মান কৰি ইয়াক পালন কৰিব লাগে। ড০ মন্দাভিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা পৰামৰ্শ দিয়া পঞ্চ পণ পালন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই প্রতিজ্ঞাই বিকশিত ভাৰতৰ পথ দেখুৱায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে একতাৰ বান্ধোনেৰে আগবাঢ়ি গৈ আমি নিজৰ পৰম্পৰাৰ গৌৰৱ অনুভৱ কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁ কয় যে কৰ্তব্য আৰু দায়িত্ববোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰ প্ৰথম মনোভাৱ জগাই তোলাটো অতি আৱশ্যকীয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক লাখ যুৱ নেতা গঢ়ি তোলাৰ উদ্দেশ্যৰে মাই ভাৰত অভিযান আৰম্ভ কৰা হৈছে। বৰ্তমানলৈ এক কোটি ৭৫ লাখ যুৱক-যুৱতী এই অভিযানৰ সৈতে জড়িত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে ড০ মন্দাভিয়াই ঐতিহাসিক গান্ধী মৈদামৰ পৰা পতাকা জোকাৰি পদযাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজধানী পাটনাৰ বিভিন্ন স্থানেৰে গৈ এই পদযাত্ৰা পাটনা উচ্চ ন্যায়ালয়ৰ সমীপৰ ডাঃ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ  ওচৰত সামৰণি পৰিব। অনুষ্ঠানৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান আৰু ডাঃ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানত যুৱ স্বেচ্ছাসেৱকসকলে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। মাই ভাৰতৰ সদস্যসকল, ৰাজ্যিক মন্ত্রী, সাংসদ, বিধায়ক আৰু ৰাজনৈতিক নেতাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ আম্বেদকাৰৰ জন্ম বার্ষিকী আৰু ভাৰতীয় সংবিধানৰ ৭৫ বছৰ উদযাপনৰ লগত সংগতি ৰাখি জয় ভীম পদযাত্ৰাৰ আয়োজন কৰা হৈছে।