যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু: মুখ্যমন্ত্ৰী

● দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কূটাঘাতৰ আশংকা কৰি ৰাজ্য চৰকাৰে শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম এনে কূটাঘাতৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু আছে। সন্দেহজনক সকলো ব্যক্তি আৰু কাৰ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমতো চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই কয়, যে শেহতীয়াকৈ সংঘটিত দিল্লী বিস্ফোৰণৰ পাছতে একাংশ লোকে সামাজিক মাধ্যমত উচতনিমূলক বার্তা বিয়পোৱাৰ লগতে বিভিন্ন ইম’জিৰ মাধ্যমেৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে। এনে কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত ১৫ খন জিলাৰ কমেও ৩৪ জন লোকক চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইসকলৰ গতি-বিধি নিৰীক্ষণৰ বাবে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে।

এই ব্যক্তিসকলৰ বহিঃৰাজ্যৰ সন্দেহজনক ব্যক্তি অথবা সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিলে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবেও আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে ইতিমধ্যে দৰং, গোৱালপাৰা, চিৰাং, কামৰূপ আৰু বঙাইগাঁও জিলাৰ এজনকৈ লোকক এনেধৰণৰ উচতনিমূলক মন্তব্য নাইবা কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।