ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন

উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটীৰ ৰে’ল ষ্টেচনত ১৩৪টা এ আই চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনটোৰ ২০টা স্থানত পেনিক বুটাম লগোৱা হৈছে। এক কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে হয়বৰগাঁও ষ্টেচনতো যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এ আই চালিত কেমেৰা সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী সময়ত ৰাজ্যৰ আন আন স্থানত থকা গুৰুত্বপূৰ্ণ ৰে’লৱে ষ্টেচনত এ আই চালিত কেমেৰা সংস্থাপন কৰা হ’ব।