অসমত ৰে’ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে’লযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে ।
Site Admin | October 17, 2025 12:08 PM | Akashvani | Akashvani Dristripat | Akashvani News | dristripat | Indian Railway
যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ শনিবাৰে দৃষ্টিপাত অনুষ্ঠান