মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি

কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰাৰ লগতে তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰোৱা হয়। জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মই পৰিচালনা কৰা এই অনুষ্ঠানত আজি নাৰিকল খেতি, ইয়াৰ পেকেজ আদি সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি কেচুসাৰ, কৃষিপাম, হাঁহ কুকুৰা পালন, বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন আদিৰ বিষয়েও কৃষকসকল বিশদভাৱে জনোৱা হয়৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।