ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মৰিগাঁও জিলাৰ পবিতৰাত আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন

মৰিগাও জিলাৰ পবিতৰাত আজি পুৱা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰ প্রতিযোগিতা – আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন কৰা হয়। অসমত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত এই প্রতিযোগিতাৰ পূৰ্বে কাজিৰঙাত দুবাৰকৈ ৫২ কিলোমিটাৰ দূৰত্বৰ এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। পবিতৰাত ৬২ কিলোমিটাৰলৈ আয়োজিত এই প্ৰতিযোগিতাৰ দ্বাৰা গড় সংৰক্ষণৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্য লোৱা হৈছিল। মুম্বাইৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে অসমত এই প্রতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ইথিঅপিয়াৰ কেইবাগৰাকীও প্রতিযোগীসহ মুঠ ৫ শতাধিক প্রতিযোগীয়ে অংশ লয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ডাঃ শান্তনু দত্ত এই প্ৰতিযোগিতাৰ ৰেচ ডাইৰেক্টৰ হিচাপে উপস্থিত থাকে। পবিতৰা অভয়াৰণ্যৰ চাৰিওফালে ৩১ কিলোমিটাৰ পথ সামৰি দুবাৰকৈ এই দৌৰ অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।