December 30, 2025 7:31 PM

views 27

৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাত ডি বি আই কামৰূপ ফাইনেলত প্ৰৱেশ

মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল উপ-সমিতিৰ তত্বাৱধানত চলি থকা ৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি ছেমি ফাইনেলত ডি বি আই কামৰূপে নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি ফাইনেললৈ প্ৰৱেশ কৰিছে। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীবন চন্দ্র কোঁৱৰে উদ্বোধন কৰে। অহা ২ জানুৱাৰীত হ'বলগীয়া ফাইনেল খেলত ডি বি আই কামৰূপে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিব।

February 26, 2025 6:39 PM

views 38

মৰিগাঁও জিলাৰ ৮০গৰাকী শ্রৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ

সমগ্ৰ শিক্ষা মৰিগাঁৱৰ উদ্যোগত আৰু আৰ্টিফিচিয়েল লিম্ব মেনিফেকচাৰিং লিমিটেড কানপুৰৰ সহযোগত আজি মৰিগাঁও জিলাৰ ৮০গৰাকী শ্রৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁও শিক্ষা বিভাগৰ প্রজ্ঞা ভৱনত আয়োজন কৰা এটা অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শিক্ষা বিভাগৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে মানৱ সেৱাই প্ৰকৃত সেৱা। এই সঁজুলিসমূহে দিব্যাংগ শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰিব। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস, মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত পংকজজ্যোতি শ‍ইকীয়া, মিলেশ্বৰ পাট...

December 22, 2024 8:38 PM

views 57

নিৰক্ষৰতা নিৰ্মূল কৰিলেহে সমাজৰ সামগ্রিক কল্যাণ সম্ভৱপৰ হ’বঃ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰ

নৱভাৰত সাক্ষৰতা অভিযানৰ অধীনত উল্লাস আঁচনিৰ বুনিয়াদী সাক্ষৰতা আৰু গাণনিক অৰ্হতা প্রাপ্তিৰ মূল্যায়ন আজি মৰিগাঁও জিলাত সম্পন্ন হয়। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰে জিলাখনৰ কাৰাগাৰ শিক্ষা কেন্দ্ৰ, পশ্চিম কোমোৰাগুৰি আৰু জালুগুটিৰ লোচোনাবাৰী পৰীক্ষা কেন্দ্ৰত মূল্যায়ন প্রক্রিয়া পৰিদৰ্শন কৰে। শিক্ষা উপদেষ্টাগৰাকীয়ে শিকাৰুসকলৰ উৎসাহত অভিভূত হোৱাৰ লগতে জিলা প্ৰশাসনে পৰীক্ষা পৰিচালনাৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাপনাৰ ভূয়সী প্রশংসা কৰে। কাৰাগাৰৰ নিৰক্ষৰ কয়দীসকলৰ ...

December 8, 2024 7:33 PM

views 130

মৰিগাঁও জিলাৰ পবিতৰাত আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন

মৰিগাও জিলাৰ পবিতৰাত আজি পুৱা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰ প্রতিযোগিতা – আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন কৰা হয়। অসমত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত এই প্রতিযোগিতাৰ পূৰ্বে কাজিৰঙাত দুবাৰকৈ ৫২ কিলোমিটাৰ দূৰত্বৰ এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। পবিতৰাত ৬২ কিলোমিটাৰলৈ আয়োজিত এই প্ৰতিযোগিতাৰ দ্বাৰা গড় সংৰক্ষণৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্য লোৱা হৈছিল। মুম্বাইৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে অসমত এই প্রতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ইথিঅপি...

October 31, 2024 11:55 AM

views 25

মৰিগাঁও জিলাত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও জিলাত সমগ্ৰ শিক্ষাৰ অধীনত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।