মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ পুনৰ খচৰা প্ৰস্তাৱৰ জাননী

■ মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ বাবে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে আজি পুনৰ খচৰা প্ৰস্তাৱৰ জাননী জাৰী কৰিছে। পৰিষদৰ ৩০ টা সমষ্টিৰ বাবে জিলাখনৰ ৪১০ খন ৰাজহ গাওঁ অন্তর্ভুক্ত কৰি এই জাননী জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈৰ পৰা ২০ ডিচেম্বৰলৈ এই সম্পৰ্কত কাৰোবাৰ দাবী বা আপত্তি থাকিলে লিখিতভাৱে নডেল বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। এই দাবী আৰু আপত্তি সম্পৰ্কত ২১ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ শুনানি অনুষ্ঠিত হ’ব আৰু ৩১ ডিচেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।