আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা ২০ মে তাৰিখে বিশ্ব মৌমাখি দিৱস পালন কৰা হৈছিল। এই দিৱসে আমাক সোঁৱৰাই দিছিল যে মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীক। যোৱা ১১ টা বছৰত মৌ পালনৰ ক্ষেত্ৰত ভাৰতত এক বিপ্লৱৰ সূচনা হৈছে। আজিৰ পৰা ১০-১১ বছৰ পূৰ্বে ভাৰতত বছৰি প্ৰায় ৭০-৭৫ হাজাৰ মেট্রিক টন মৌ উৎপাদন হৈছিল। বৰ্ত্তমান এই পৰিমাণ ১ লাখ ২৫ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। অর্থাৎ মৌ উৎপাদনত ৬০ শতাংশ পৰিমাণ বৃদ্ধি হৈছে। আমি মৌৰ উৎপাদন আৰু ৰপ্তানিত বিশ্বৰ অগ্ৰণী দেশসমূহৰ অন্যতম। যোগাত্মক পৰিস্থিতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ উৎপাদন মিশ্যনৰ দৰে আঁচনিয়ে। এই আঁচনিসমূহৰ যোগেদি প্ৰদান কৰা হৈছে বহু হাজাৰ মৌ পালকক প্ৰশিক্ষণ আৰু মৌ উৎপাদনৰ উপকৰণ আৰু কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বিপণনৰ ব্যৱস্থা কৰা হৈছে। পৰিৱৰ্তন মাথোঁ পৰিসাংখ্যিক দিশতেই নহয়, আমাৰ গ্ৰাম্য জীৱনতো পৰিলক্ষিত হৈছে। ঘণ্ডীগড়ৰ কৰিয়া জিলাৰ এটি উদাহৰণ লৈছো- ইয়াৰ আদিবাসী কৃষকসকলে সোন হানি নামেৰে এবিধ বিশুদ্ধ জৈৱিক মৌ প্ৰস্তুত কৰি উলিয়াইছে। এই মৌ এতিয়া চৰকাৰী ই-মার্কেটিওকে আদি কৰি বিভিন্ন অনলাইন পৰ্টেলত বিক্ৰী হৈছে অৰ্থাৎ গাঁৱৰ শ্ৰমৰ ফল আজি বিশ্বব্যাপী প্ৰসাৰিত হৈছে। এনেদৰেই আজি উত্তৰ প্রদেশ, গুজৰাট, জম্মু-কাশ্মীৰ, পশ্চিমবংগ আৰু অৰুণাচল প্ৰদেশৰ বহু মহিলা আৰু যুৱকে মৌ উৎপাদনত মনোনিৱেশ কৰিছে। বর্তমানে মৌৰ উৎপাদনৰ পৰিমাণেই নহয়, ইয়াৰ বিশুদ্ধতাৰ দিশতো পদক্ষেপ লোৱা হৈছে। কেতবোৰ এ.আই আৰু ডিজিটেল প্ৰযুক্তিৰে মৌৰ বিশুদ্ধতাৰ প্ৰামাণিকৰণ কৰিবলৈ লৈছে। ইয়াৰ পিছত আপুনি শৌ ক্রয় এই মৌ উদ্যমীসকলে উৎপাদন কৰা অথবা স্থানীয় বা মহিলা গোটে প্ৰস্তুত কৰা মৌ ক্ৰয় কৰাৰ কথা ভাবিব। মৌমাখিৰ সুৰক্ষা ব্যৱস্থা মাথো পৰিৱেশ ব্যৱস্থাপনাই নহয়, আমাৰ কৃষিকৰ্মী আৰু ভৱিষ্যৎ প্রজন্মৰো দায়িত্ব।
Site Admin | May 25, 2025 11:59 AM | Honey | Mann Ki Baat 122nd Episode
মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
