May 25, 2025 11:59 AM

views 35

মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা ২০ মে তাৰিখে বিশ্ব মৌমাখি দিৱস পালন কৰা হৈছিল। এই দিৱসে আমাক সোঁৱৰাই দিছিল যে মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীক। যোৱা ১১ টা বছৰত মৌ পালনৰ ক্ষেত্ৰত ভাৰতত এক বিপ্লৱৰ সূচনা হৈছে। আজিৰ পৰা ১০-১১ বছৰ পূৰ্বে ভাৰতত বছৰি প্ৰায় ৭০-৭৫ হাজাৰ মেট্রিক টন মৌ উৎপাদন হৈছিল। বৰ্ত্তমান এই পৰিমাণ ১ লাখ ২৫ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাইছে। অর্থাৎ মৌ উৎপাদনত ৬০ শতাংশ পৰিমাণ ব...