ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টি এলেকাত থকা ক্লাৱসমূহৰ মাজত এই ফুটবল প্রতিযোগিতাখন অনুষ্ঠিত হ’ব। বাজেংডুবাৰ বিধায়ক পংচেং আৰ মাৰাকে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সমষ্টিটোৰ মুঠ ৩২ টা ফুটবল ক্লাৱ দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিছে। যুৱ প্ৰজন্মক বিভিন্ন অপৰাধ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰত ৰাখি খেল ধেমালীৰ প্ৰতি আকৃষ্ট কৰিবলৈ মহেন্দ্ৰগঞ্জৰ বিধায়ক সঞ্জয় এ চাংমাই যোৱা বছৰৰ পৰা আন্তঃবিধানসভা এম এল এ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰে। এই প্ৰতিযোগিতাত বাচনি হোৱা খেলুৱৈসকলক শ্বিলঙৰ লাজং ক্লাৱৰ প্ৰশিক্ষকৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি বিধায়ক চাংমাই জানিবলৈ দিয়ে।