মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত

মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত কালি সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে কালিৰ এই দুৰ্ঘটনাত তিনিগৰাকী নিৰাপত্তাৰক্ষীকে ধৰি মুঠ ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই পৰ্যন্ত দুগৰাকী লোক সন্ধানহীন হৈ আছে বুলি এটা সূত্ৰত প্ৰকাশ পাইছে।
এই ঘটনাত প্রধানমন্ত্রী মোদীয়ে দুখ প্ৰকাশ কৰিছে। তেওঁ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকতাত্মীয়লৈ দুই লাখ টকা আৰু আহত প্ৰতিগৰাকীলৈ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছেও নাও দুৰ্ঘটনাত নিহত লোকসকলৰ নিকতাত্মীয়লৈ ৫ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে।
ভাৰতীয় নৌ সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি মুম্বাইৰ কাৰাঞ্জাত ইঞ্জিনৰ পৰীক্ষা চলাই থকা সময়ত নৌ সেনাৰ এখন স্পীড বোটে এখন যাত্রীবাহী ফেৰীক খুন্দিয়ায়। ফেৰীখনে গেটৱে অব ইণ্ডিয়াৰ পৰা এলিফেণ্টা দ্বীপলৈ যাত্রী কঢ়িয়াই নিছিল। নৌ সেনাৰ চাৰিখন হেলিকাপ্তাৰ, ১১ খন জাহাজ, উপকূলৰক্ষী বাহিনীৰ এখন নাও আৰু নৌ আৰক্ষীৰ তিনিখন উদ্ধাৰকাৰী নাৱে উদ্ধাৰ অভিযান চলাই এতিয়ালৈকে ১০৫ গৰাকী যাত্ৰীক উদ্ধাৰ কৰিছে।