ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ বাবে যিমান কৰিছে, স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি  জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিমান কৰিছে, স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে চাহ উদ্যোগ ৰাজ্যৰ সবাতোকৈ ডাঙৰ উদ্যোগ, ইয়াক লৈ অসমীয়া সমাজ গৌৰৱান্বিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে চাহ জনগোষ্ঠীৰ লোকসকলে ২০০ বছৰীয়া উদ্যোগটোক ধৰি ৰাখিছে। তেওঁ লগতে কয়, যে চাহ বাগিচাখন বা চাহ উদ্যোগটোক জীয়াই ৰাখিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই অহোপুৰুষাৰ্থ কৰিছে। চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজনৈতিক ক্ষেত্ৰখনক বৃহৎ মঞ্চ প্ৰদান কৰে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে এতিয়ালৈক চিকিৎসা, শিক্ষাৰ বাবে ৩২ খন আসন চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চাহ উদ্যোগটোক জীয়াই ৰাখিবলৈ হ’লে চাহ জনগোষ্ঠীৰ লোকসকল সুস্থ-সৱল হ’ব লাগিব বুলি মন্তব্য কৰে ।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসম চাহ জনজাতি মহিলা সমিতি, আটছা ডিব্ৰুগড় জিলা সমিতি আৰু ডিব্ৰুগড় শাখা সমিতিৰ সহযোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত পশুপালন মন্ত্ৰী অতুল বৰা উপস্থিত থাকি চাহ জনগোষ্ঠীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি কয়। সভাত উদ্যোগ মন্ত্রী বিমল বৰাৰ লগতে আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।