December 29, 2024 12:31 PM

views 13

মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ বাবে যিমান কৰিছে, স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি  জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিমান কৰিছে, স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে চাহ উদ্যোগ ৰাজ্যৰ সবাতোকৈ ডাঙৰ উদ্যোগ, ইয়াক লৈ অসমীয়া সমাজ গৌৰৱান্বিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰা...