ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 24, 2024 12:55 PM | Atul Bora

printer

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰে মত বিনিময় মন্ত্ৰী অতুল বৰাৰ

পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। বোকাখাতৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৃষি, পশুপালন তথা আনুসংগিক ক্ষেত্ৰসমূহত আত্মনিৰ্ভৰশীলতাৰ সুযোগ দিয়াৰ জৰিয়তে যুৱ সৱলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ জনসংখ্যাৰ সৰহ সংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে বাণিজ্যিক মূল্য থকা কৃষি আৰু উদ্যমিতা ক্ষেত্ৰৰ উন্নয়ন ত্বৰান্বিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।