January 15, 2026 10:25 AM | Assam CM

printer

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি প্রকাশ কৰিছে। ডিফুত কালি ২৫ হাজাৰ মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

মুখ্যমন্ত্রী ড° শর্মাই আজি ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু চিৰাং জিলাৰ বিজনীত আঁচনিখনৰ চেক বিতৰণ কৰিব। ইয়াৰে ধুবুৰীৰ বিলাসীপাৰা বিধানসভাৰ অধীনৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ খেলপথাৰত ১৮ হাজাৰৰো অধিক আৰু বিজনী জিলা ক্রীড়া সন্থাৰ খেলপথাৰত প্ৰায় ২০ হাজাৰ হিতাধিকাৰীক এই প্ৰাৰম্ভিক পুঁজি প্ৰদান কৰা হ’ব। দুয়োটা স্থানতেই সকলো প্রস্তুতি সম্পূর্ণ হোৱা বুলি সংশ্লিষ্ট প্রশাসনে জানিবলৈ দিছে।