মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষণত কয়, যে ২০২৪-২৫ বৰ্ষত এই আঁচনিৰ অধীনত এক লাখ ৬০ হাজাৰ ছাত্ৰীলৈ ১৩৩ কোটি টকা মোকলাই দিয়াৰ বিপৰীতে ২০২৫-২৬ বৰ্ষত ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয়, যে উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত হৈছে।অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যকে ধৰি আন কেইবাগৰাকী বিধায়ক উপস্থিত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।