ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত ২২,৮৯৯ কোটি টকাৰ চুক্তিৰ বিনিময় সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিনিয়োগ আৰু বিকাশৰ চুক্তিপত্র বিনিময় অনুষ্ঠান ৰূপায়ণ হয়। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰূপায়ণ হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, উদ্যোগ মন্ত্ৰী বিমল বৰা সহ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াসকলৰ লগতে বিনিয়োগকাৰীসকল উপস্থিত থাকে। এই অনুষ্ঠানতে ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত ২২,৮৯৯ কোটি টকাৰ চুক্তিৰ বিনিময় সম্পন্ন হয়। এই বিনিয়োগৰ দ্বাৰা ৰাজ্যত প্ৰায় ছহেজাৰ নতুন নিয়োগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই বিনিয়োগ আৰু বিকাশৰ চুক্তিপত্র বিনিময় অনুষ্ঠানত ভাষণ আগবঢ়াই কয়, যে ৰাজ্যত উদ্যোগীকৰণৰ লক্ষ্যৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছিল। এডভান্টেজ আছামৰ এই সংস্কৰণৰ জৰিয়তে ৫ লাখ ১৮ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল। আজিৰ অনুষ্ঠানত ২০ টা প্ৰকল্পৰ বিনিয়োগৰ চুক্তি পত্ৰৰ বিনিময় হয়। ইয়াৰে তিনিটা ইথানল প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ২,৮০০ কোটি টকাৰে তিনিটা চিমেণ্ট প্ৰস্তুত প্ৰকল্পৰো কাম আৰম্ভ হৈছে। অসমত প্ৰথমটো পাম ষ্টৰেজৰ বাবেও নিপকোৰ সৈতে চুক্তিত স্বাক্ষৰ হৈছে। চুক্তি স্বাক্ষৰিত হোৱা বহুকেইটা উদ্যোগ এইবছৰৰ শেষৰফালে মুকলি হ’ব। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে ৰাজ্যৰ যুৱক-যুৱতীসকলক কেনেদৰে আগুৱাই নিছে, সেইবিষয়ে ড° শৰ্মাই ভাষণত এনেদৰে উল্লেখ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰি ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব। এই ৰিং ৰোডৰ নিৰ্মাণ ব্যয় প্রায় ৭,৮০০ কোটি টকা। অনুষ্ঠানটোত ভাগ লৈ উদ্যোগ মন্ত্ৰী বিমল বৰাই কয়, যে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণে অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে। ইয়াৰ দ্বাৰা অসমৰ নৱ প্ৰজন্ম আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ পথ মুকলি হ’ব। দেশে-বিদেশে অসমৰ ঔদ্যোগিক বাৰ্তা প্ৰেৰণ কৰিবলৈ এডভাণ্টেজ আছাম দ্বিতীয় সংস্কৰণে সহায় কৰিলে। মন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৰাজ্যৰ ২৫ হাজাৰ যুৱক-যুৱতী অন্তর্ভুক্ত হ’ল বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক