ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আজি সন্ধিয়া ৬ বজাত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শক্তি মন্ত্রী প্ৰশান্ত ফুকন, বিধায়ৰ চক্ৰধৰ গগৈ আৰু বিনোদ হাজৰিকায়েও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১৫৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া আমোলাপট্টী চাৰিআলি উৰণ সেতু, ৮৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া মানকটা পথ উৰুণ সেতু, ৭২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া লাহোৱাল-বৰডুবি-তিনিচুকীয়া পথ আৰু ৩৭ নম্বৰ পুৰণি ঘাইপথৰ সংযোগস্থল উৰণ সেতু, ৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া লেজাই কলাখোৱা পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব। বিয়লি তেওঁ ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে এখন চাহ মেলতো অংশ ল’ব। কাইলৈ তেওঁ ধেমাজি জিলাৰ জোনাই সম-জিলাৰ উন্নয়ন কাম-কাজ সম্পর্কে পর্যালোচনা কৰি বিবেকানন্দ কেন্দ্ৰৰ আনন্দলয়া ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।