ৰাজ্যত সম্প্ৰতি ৬৮০ মেগাৱাট সৌৰ শক্তি উৎপাদন হয় বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন এটা সৌৰ শক্তি প্ৰকল্পৰ উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰকল্পটোৱে ৰাজ্যখনক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। প্ৰায় ৩৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত বছৰি প্ৰায় ১৪১ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰাৰ উপৰি প্ৰায় ১ লাখ ১৫ হাজাৰ টন কার্বন নির্গমন হ্ৰাস কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শোণিতপুৰ জিলাৰ বৰছলাত নির্মীয়মান ৫০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্পটো অহা এপ্ৰিলত উদ্বোধন কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে। নবীকৰণযোগ্য শক্তিৰে অসমৰ শক্তি খণ্ডক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। ড০ শৰ্মাই ইয়াৰ পূৰ্বে বিলাসীপাৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ১৮৩৭৫ গৰাকী মহিলাৰ মাজত প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হেজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আচঁনিক ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ আঁচনি বুলি অভিহিত কৰে। তেওঁ লগতে মহিলাসকলক আঁচনিৰ ধনৰাশি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ড০ শর্মাই আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সাপটগ্ৰামৰ শান্তিপুৰ ক্ষুদ্ৰ প্রাথমিক আয়ুষ্মান আৰোগ্য কেন্দ্ৰলৈ এখন এম্বুলেন্স আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।
Site Admin | January 15, 2026 8:30 PM | CM Dr Sarma inaugurates 70 MW solar power project at Khudigaon in Dhubri District
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্প উদ্বোধন কৰে