January 15, 2026 8:30 PM

views 22

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন  সৌৰ শক্তি প্ৰকল্প উদ্বোধন কৰে

ৰাজ্যত সম্প্ৰতি ৬৮০ মেগাৱাট সৌৰ শক্তি উৎপাদন হয় বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন এটা সৌৰ শক্তি প্ৰকল্পৰ উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰকল্পটোৱে ৰাজ্যখনক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। প্ৰায় ৩৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত বছৰি প্ৰায় ১৪১ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰাৰ উপৰি প্ৰায় ১ লাখ ১৫ হাজাৰ...