মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰায় ৫৩ কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভৱন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আৱাসিক ভৱনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকে। ১৯৫৫ চনৰ ১৬ আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক ২০১৭ৰ অধীনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্ৰণয়ন কৰে। বিশ্ববিদ্যালয়খন বজালীৰ প্ৰবাদ পুৰুষ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ নামেৰে পৰিচিত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উৎসৰ্গা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।