মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাক্সা আৰু চিৰাং জিলাত দুখনকৈ জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বি টি আৰ ভ্ৰমণৰ সময়ত বাক্সা আৰু চিৰাং জিলাত দুখনকৈ জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বি টি আৰত ফৌজাদাৰী ন্যায় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে অবিৰত প্রচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসম মালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰমাৰ পৰা তামুলপুৰ আৰু নিকাচিলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। কুৱাৰা চ’কৰ পৰা অঞ্চলীলৈ এটা নতুন পকীপথকে ধৰি মুঠ দুটা পকীপথ নিৰ্মাণৰ আঁচনি লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ড০ শৰ্মাই চিৰাং জিলাৰ চিকিৎসাজনিত সহায়ৰ প্ৰয়োজন হোৱা কনমানি এগৰাকীক সাক্ষাৎ কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ বিশেষ নির্দেশনা প্রদান কৰে। তেওঁ অসমত প্ৰসূতি মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱাৰ মূল কাৰণসমূহৰ অন্যতম হিচাপে চাহ বাগিচা অঞ্চলসমূহত স্বাস্থ্য সেৱা উন্নয়নত ৰাজ্য চৰকাৰে প্ৰদান কৰা বিশেষ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ লগতে ড০ শৰ্মাই মানস অভয়াৰণ্যৰ পৰ্যটন উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে হাতত লোৱা পদক্ষেপৰ বিষয়েও অৱগত কৰে। অভয়াৰণ্যখনৰ তৃতীয়-চতুর্থ বৰ্গৰ খালী হৈ থকা পদসমূহৰ বিষয়েও ৰাজ্য চৰকাৰে চিন্তা কৰিছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে।