June 22, 2025 11:49 AM

views 18

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাক্সা আৰু চিৰাং জিলাত দুখনকৈ জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বি টি আৰ ভ্ৰমণৰ সময়ত বাক্সা আৰু চিৰাং জিলাত দুখনকৈ জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বি টি আৰত ফৌজাদাৰী ন্যায় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে অবিৰত প্রচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসম মালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰমাৰ পৰা তামুলপুৰ আৰু নিকাচিলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। কুৱাৰা চ’কৰ পৰা অঞ্চলীলৈ এ...