ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 29, 2024 8:11 PM | SPORTS

printer

মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটি

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটিটো মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটিটোৱে কালি ছেমি ফাইনেলত স্পেইনৰ মার্চেল গ্রেণোলৰ্ছ আৰু আর্জেণ্টিনাৰ হোৰেচিয়ো জেবালোছৰ যুটিটোক ৬-১, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। বোপন্না আৰু এবডেনৰ যুটিটো কাইলৈ ফাইনেলত আমেৰিকাৰ আষ্টিন ক্ৰাজিছেক আৰু ক্ৰ’ৱেছিয়াৰ ইভান ড’ডিকৰ সন্মুখীন হ’ব। এয়া হ’ব ৰোহন বোপন্নাৰ নিজৰ খেলুৱৈ জীৱনৰ চতুৰ্দশ এটিপি মাষ্টাৰ্ছ থাউজেণ্ড প্রতিযোগিতাৰ ফাইনেল। খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে ডাবলছৰ ২৫টাকৈ খিতাপ অৰ্জন কৰিছে। ছেমি ফাইনেলত লাভ কৰা জয়ৰ সুবাদত ৪৪ বছৰীয়া বোপন্নাই এটিপিৰ ডাবলছৰ বাছনি তালিকাত পুনৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।