ৰাজ্যিক কেবিনেটে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্রক্রিয়াত অনুমোদন জনাইছে। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ ৩৬ হাজাৰ বিদ্যালয়, মহাবিদ্যালয়, নামঘৰ, ক্লাব, চৰকাৰী কাৰ্যালয় আৰু স্বেচ্ছাসেৱী সংস্থাক চৰকাৰী ভূমি দখলৰ বিপৰীতে ম্যাদী পট্টা প্ৰদানত অনুমোদন জনোৱা হৈছে। কেবিনেটৰ অনুমোদনৰ পাছতেই যিসমূহ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ম্যাদী পট্টা অবিহনে চৰকাৰী ভূমি দখল কৰি আছিল, সেইসমূহ আবেদনকাৰী অনুষ্ঠানলৈ ৰাজহ বিভাগে ম্যাদী পট্টা আৱণ্টনৰ জাননী জাৰি কৰিছে। ৰাজহচক্ৰ বিষয়াই জাৰি কৰা নিৰ্দেশনাত মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ ম্যাদী পট্টাৰ বাবে ধায্য কৰা মাচুলৰ বিষয়েও উল্লেখ কৰা হৈছে। এই মাচুল পৰিশোধ কৰাৰ পাছতহে ভূমিৰ ম্যাদী পট্টা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হব বুলি ৰাজহ বিভাগৰ জাননীত স্পষ্ট কৰি দিয়া হৈছে।
Site Admin | August 10, 2025 11:37 AM | Assam Govt Mission Bashundhara
মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্ৰক্ৰিয়াত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন
