August 10, 2025 11:37 AM

views 23

মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্ৰক্ৰিয়াত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন

ৰাজ্যিক কেবিনেটে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমিৰ ম্যাদী পট্টা প্ৰদান প্রক্রিয়াত অনুমোদন জনাইছে। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ ৩৬ হাজাৰ বিদ্যালয়, মহাবিদ্যালয়, নামঘৰ, ক্লাব, চৰকাৰী কাৰ্যালয় আৰু স্বেচ্ছাসেৱী সংস্থাক চৰকাৰী ভূমি দখলৰ বিপৰীতে ম্যাদী পট্টা প্ৰদানত অনুমোদন জনোৱা হৈছে। কেবিনেটৰ অনুমোদনৰ পাছতেই যিসমূহ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ম্যাদী পট্টা অবিহনে চৰকাৰী ভূমি দখল কৰি আছিল, সেইসমূহ আবেদনকাৰী অনুষ্ঠানলৈ ৰাজহ বিভাগে ম্যাদী পট্টা আৱণ্টনৰ জাননী জাৰি কৰিছ...