ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 26, 2025 11:42 AM | 47th ASIAN Summit

printer

মালয়েছিয়াৰ কুৱালালামপুৰত অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত

মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত হ’ব। আছিয়ান শীর্ষ সন্মিলনত উদ্বোধনী অনুষ্ঠানত আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ সকলো সদস্য ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব। এই সন্মিলনত তিম’ৰ – লেষ্টেক আছিয়ান ৰাষ্ট্ৰগোষ্ঠীত অন্তর্ভুক্তি সন্দৰ্ভত ঘোষণাপত্র স্বাক্ষৰ কৰা হ’ব। ইয়াৰ লগে লগে তিম’ৰ লেষ্টে আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ সদস্য ৰাষ্ট্ৰৰূপে পৰিগণিত হ’ব।
মালয়েছিয়াত হ’বলগীয়া বিভিন্ন সন্মিলনৰ ভিতৰত আছিয়ান শীৰ্ষ সন্মিলন, আছিয়ান আৰু ৭ খন আলোচনা সহযোগী ৰাষ্ট্র-অষ্ট্ৰেলিয়া, চীন, ভাৰত, জাপান, কোৰিয়া গণৰাজ্য, ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ আছিয়ান প্লাছ ৱান শীর্ষ সন্মিলন অন্যতম। আছিয়ান শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ আলোচনাত সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গই আছিয়ান সম্প্রদায় গঠন আৰু আছিয়ানৰ সৈতে বাহ্যিক সম্পৰ্কৰ দৰে বিষয়সমূহত গুৰুত্ব প্ৰদান কৰিব। নেতৃবৰ্গই আঞ্চলিক সংহতি গভীৰ কৰা, অৰ্থনৈতিক বিকাশ শক্তিশালী কৰা আৰু আছিয়ান সম্পর্ক বৃদ্ধিৰ উপায় সম্পর্কে মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।