ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 26, 2024 11:57 AM | Majuli

printer

মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৫ মে’ত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনত অহা ১৫ মে’ত লোক আদালতৰ আয়োজন কৰা হৈছে। তদুপৰি যোৱা ১০ এপ্ৰিলৰ পৰা অহা ১০ মে’লৈকে মাজুলীত প্রাক- ৰাষ্ট্ৰীয় লোক আদালতৰ ব্যৱস্থা কৰা হৈছে। যিসকল লোকে বৰ্তমানলৈকে প্ৰাক-ৰাষ্ট্ৰীয় লোক আদালতত ভাগ লোৱা নাই তেওঁলোকৰ বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্স, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰ, বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয় প্রাক-মোকদমা গোচৰসমূহ লোক ৰাষ্ট্ৰীয় লোক আদালতত মীমাংসাৰ বাবে লোৱা হৈছে। মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবে আজি সংবাদমেলৰ জৰিয়তে সমাগত ৰাষ্ট্ৰীয় লোক আদালতত অংশগ্ৰহণ কৰি ন্যায় ব্যৱস্থাক তৰান্বিত কৰি তুলিবলৈ মাজুলীবাসীৰ প্ৰতি আহ্বান জনাইছে।