মাজুলীৰ সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন

মাজুলী জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু নাথ-যোগী যুৱ পৰিষদে আজি সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়। অভিনন্দন অনুষ্ঠানত গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী অধ্যক্ষ ঘনকান্ত নাথৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি আৰু মাজুলীৰ বিধায়ক ভূৱন গাম উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।