মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা

মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে আজি অনুষ্ঠিত কার্যসূচীত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, বিধায়ক ভূৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই সুঁতি বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোৰ ১৬ খন গাঁৱৰ লোক উপকৃত হ’ব। এই সুঁতিটোৱে আউনীআটী সত্ৰৰ লগতে সমগ্ৰ নামনি মাজুলীলৈ খহনীয়াৰে ভাবুকি কঢ়িয়াই আনিছিল। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি এই সুঁতিটো বন্ধ কৰাৰ বাবে জলসম্পদ বিভাগক দাবী জনাই আহিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।