মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন

● দেউৰী পিপলছ জাষ্টিচ ফৰাম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে কালি মাজুলীৰ চিৰাম দেউৰী গাঁৱত জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ টেমছ পঙটেকলৈ ২০২৫ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা আগবঢ়োৱা হয়। লখিমপুৰৰ গোবিন্দ বিশ্বকৰ্মাক ভীমবৰ দেউৰী যুৱ বঁটা, গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ বৰাক ভীমবৰ দেউৰী সমন্বয় বঁটা আৰু অৰুণাচলৰ উদ্যোগপতি কাকু ইজাত টামিনলৈ যুৱ উদ্যোগী বঁটা প্ৰদান কৰা হয়। জননেতা ভীমবৰ দেউৰী বঁটা গ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে মাজুলীৰ সত্ৰীয়া-সংস্কৃতিৰ প্ৰশংসা কৰে।

ইপিনে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ কলৌলোৱা দেউৰী গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালি ৭৮ সংখ্যক জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষাবিদ ড০ উপেন ৰাভা হাকাচামকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ধেমাজি জিলাতো কালি জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱস পালন কৰা হয়। ধেমাজি জিলা দেউৰী সাহিত্য সভা আৰু ধেমাজি নগৰ দেউৰী উন্নয়ন আৰু কল্যাণ সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস অনুষ্ঠিত হয়।