ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মাজুলীত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অনান্য জিলাসমূহৰ লগতে মাজুলীতো মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউঞ্চৰ গোচৰ, যানবাহন ১৯৮৮ আইনৰ অধীনত নিষ্পত্তিৰ দিহা কৰা হৈছে। ইয়াৰোপৰি বিভিন্ন বেংক ঋণ আদায়, বিজুলী বিল আদায়, বি এছ এন এলৰ ফোন বিল আদায় আদি সন্দৰ্ভত মোকদমা গোচৰসমূহৰ মীমাংসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আৰু মহকুমা ন্যায়িক দণ্ডাধীশৰ তৰফৰ পৰা আদালতত চলি থকা গোচৰসমূহৰ বাদী- বিবাদী সকলোলৈকে জাননী প্ৰেৰণ কৰা হৈছে।বৰপেটা জিলাতো আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। বিচৰাধীন গোচৰসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি আৰু বিবাদ সমাধানৰ ব্যৱস্থা কৰাটোৱে এই আদালৰ মূল লক্ষ্য। এই ৰাষ্ট্ৰীয় লোক আদালত বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদ, বৰপেটা পাৰিবাৰিক আদালত চৌহদ, মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধীকৰণ, বৰপেটা আৰু বৰপেটা দণ্ডাধীশৰ অধীনত সমূহ আদালত আৰু কাৰ্যালয় চৌহদত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।