January 11, 2026 11:38 AM | WPL cricket

printer

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫০ ৰানত পৰাস্ত কৰে

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত যোৱানিশা নবী মুম্বাইত অনুষ্ঠিত এখন খেলত দুবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫০ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত চাৰি উইকেটৰ বিনিময়ত ১৯৫ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে ৭৫ ৰান কৰি আউট নোহোৱাকৈ থাকে। নেট স্কাইবাৰ ব্ৰণ্টে ৭০ ৰানৰ অৱদান আগবঢ়ায়। প্ৰত্যুত্তৰত ডেলহি কেপিটেলছে ১৯৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ চিনেইল কেৰিয়ে সৰ্বাধিক ৫৬ ৰান কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ নিকলা কেৰী আৰু অমেলিয়া কেৰে তিনিটা উইকেট লাভ কৰে। প্রতিযোগিতাত আজি নবী মুম্বাইত হ’বলগীয়া এখন খেলত ডেলহি কেপিটেলছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।