January 20, 2026 11:37 AM

views 33

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

বদোদাৰ বি চি এ ষ্টেডিয়ামত অনুষ্ঠিত মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট জায়েণ্টছক ৬১ ৰানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ১৭৮ ৰান সংগ্ৰহ কৰে। দলৰ হৈ গৌতমী নায়কে সৰ্বাধিক ৭৩ ৰান কৰে। প্ৰত্যুত্তৰত গুজৰাট জায়েণ্টছে নিৰ্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱাই ১১৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ এছলে গার্ডনাৰে সৰ্বাধিক ৫৪ ৰান কৰে। গৌতমী নায়কক প্লেয়াৰ অব দা মেচ ঘোষণা কৰা হয়। আজি দেলহী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন ব...

January 11, 2026 11:38 AM

views 35

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫০ ৰানত পৰাস্ত কৰে

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত যোৱানিশা নবী মুম্বাইত অনুষ্ঠিত এখন খেলত দুবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫০ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত চাৰি উইকেটৰ বিনিময়ত ১৯৫ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে ৭৫ ৰান কৰি আউট নোহোৱাকৈ থাকে। নেট স্কাইবাৰ ব্ৰণ্টে ৭০ ৰানৰ অৱদান আগবঢ়ায়। প্ৰত্যুত্তৰত ডেলহি কেপিটেলছে ১৯৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্...

March 16, 2025 1:28 PM

views 18

মুম্বাই ইণ্ডিয়ানছৰ মহিলা প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল

মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা মুম্বাইত অনুষ্ঠিত ফাইনেলত ডেলহী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি হৰমনপ্রীত কৌৰৰ ৬৬ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ডেলহী কেপিটেলছে ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৪১ ৰানহে কৰিবলৈ সমৰ্থ হয়। হৰমনপ্রীত কৌৰক প্লেয়াৰ অব দ্যা মেচ আৰু নেট ছিৱৰ ব্ৰণ্টক প্ৰতিযোগিতাৰ মোষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে ঘোষণা কৰা হয়।

March 13, 2025 3:24 PM

views 28

সন্ধিয়া ৭.৩০ বজাত মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দেলহী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানৰ মুম্বাই ইণ্ডিয়ানছ আৰু তৃতীয় স্থানত থকা গুজৰাট জায়েণ্টছে কাইলৈ এলিমিনেটৰ খেলখনৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব। অহা ১৫ মাৰ্চত একেখন ষ্টেডিয়ামতে মহিলা প্রিমিয়াৰ লীগৰ ফাইনেল খেলখন খেলোৱা হ'ব।

March 9, 2025 11:40 AM

views 19

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক ১২ ৰানত পৰাস্ত কৰে ইউ পি ৱাৰিয়জে

মহিলা প্রিমিয়াৰ লীগ (ডব্লিউ পি এল) ক্ৰিকেটত যোৱা নিশা লক্ষ্ণৌৰ একনা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইউ পি ৱাৰিয়জে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ক ১২ ৰানত পৰাস্ত কৰে। এই পৰাজয়ৰ লগে লগে ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়। বর্তমান আৰচিবিয়ে ৭খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শেষত থকাৰ বিপৰীতে ইতিমধ্যে প্লে অফৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকা ইউ পি ৱাৰিয়জে ৬ পইণ্টেৰে নিজৰ অভিযানৰ সামৰণি মাৰে। এই ফলাফলৰ পাছত গুজৰাট জায়...

March 7, 2025 10:41 AM

views 28

মহিলা প্রিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ জয়লাভ

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত কালি মুম্বাই ইণ্ডিয়ানছে ইউ পি ৱাৰিয়ৰ্ছক ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পৰাজয়ৰ পাছতে ইউ পি ৱাৰিয়ৰ্ছৰ প্লে অব ৰাউণ্ডলৈ যোগ্যতা অৰ্জনৰ সকলো সম্ভাৱনাৰ অন্ত পৰে। খেলখনত প্ৰথমে বেটিং কৰি ৱাৰিয়ৰ্ছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫০ ৰান কৰে। জর্জিয়া ভ'লে সৰ্বাধিক ৫৫ ৰান কৰে। মুম্বাইৰ এমেলিয়া কাৰে ৫টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত মুম্বায়ে ৯ টা বল বাকী থকা অৱস্থাত ৪ টা উইকেট হেৰুৱাই খেলখনত জয় লাভ কৰিবলৈ সমৰ্থ হয়। ৪৬ ট...

February 18, 2025 12:08 PM

views 27

মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছৰ হাতত ডেলহী কেপিটেলছ ৮ উইকেটত পৰাস্ত

বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ডেলহী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ডেলহী কেপিটেলছে নিৰ্ধাৰিত অভাৰত ১৪১ ৰাণ কৰে। দলটোৰ হৈ জেমিমা ৰু'দিগচে সৰ্বাধিক ৩৪ ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৭ অভাৰত নিৰ্ধাৰিত অভাৰত উপনীত হয়। দলটোৰ হৈ ৰেণুকা সিং ঠাকুৰ আৰু জর্জিয়া ৱেৰহামে তিনিটাকৈ উইকেট দখল কৰে। অধিনায়ক স্মৃতি মন্ধনা আৰু ডেনিয়েল ৱাইট হডজে আৰম্ভণিতে ১০৭ ৰাণৰ বৰঙণি আগবঢ়ায়। ৰেণুকা সিং ঠাক...