■ ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। নিৰ্ধাৰিত ২৩২ ৰানৰ লক্ষ্য অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাই ৪ উইকেটৰ বিনিময়ত ৪০ অভাৰ আৰু ৫টা বলত ২৩৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ ৰান আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয় ৷ ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ছফী ডিভাইনে সৰ্বাধিক ৮৫ ৰাণ আৰু ব্রুক হলিডেই ৪৫ ৰাণৰ বৰঙণি যোগায় ৷
গুৱাহাটী বর্ষাপাৰা ষ্টেডিয়ামত আজি প্ৰতিযোগিতাৰ এখন খেলত বাংলাদেশ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৩ বজাত আৰম্ভ হ’ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ মেচত জয়ী হৈছে। ইংলেণ্ডে বর্ষাপাৰাত প্ৰথমখন খেলত দক্ষিণ আফ্রিকাক ১০ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে বাংলাদেশে কলম্বোত অনুষ্ঠিত এখন পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিছিল। দুয়োটা দলে কালি বৰ্ষাপাৰাত অন্তিম অনুশীলন সম্পন্ন কৰে। বিশ্বকাপত এইবাৰ মুঠ ৮টা দলে অংশগ্রহণ কৰিছে। শ্রীলংকা আৰু পাকিস্তানক পৰাস্ত কৰি ৪ পইণ্ট অর্জনেৰে ভাৰতৰ মহিলাৰ দলটো তালিকাৰ শীৰ্ষত আছে।
Site Admin | October 7, 2025 12:12 PM | Akashvani | Asia Cup Cricket | Newzeland | SPORTS
মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে
