ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 28, 2024 8:22 PM | Maharastra Election

printer

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ২৫গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ২৫ গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে। দলটোৱে ভাছাই বিধানসভা সমষ্টিৰ বাবে স্নেহা প্রেমানাথ ডুবেক টিকট প্ৰদান কৰাৰ বিপৰীতে সুধাকৰ কোহালে পশ্চিম নাগপুৰ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব। সাৱনেৰ বিধানসভা সমষ্টিটোত আশীষ ৰঞ্জিত দেশমুখে প্রতিদ্বন্দিতা কৰিব। ভাৰতী লাভেকাৰে মুম্বাইৰ ভাৰ্চোৱাৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে লাতুৰ চহৰৰ পৰা অৰ্চনা পাৰ্টিল চাকুৰকাৰ, কৰজাৰ পৰা সাই দাহাকে, আষ্ট্ৰিৰ পৰা সুৰেশ ধাছ আৰু উত্তৰ কাৰাদৰ পৰা মনোজ ঘোৰপাদে প্রতিদ্বন্দিতা কৰিব। দলটোৱে নন্দদ সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ড০ সন্তুক হাৱাৰ্ডেৰ নাম ঘোষণা কৰিছে। শৰৎ পাৱাৰৰ নেতৃত্বাধীন এন চি পি দলে ৭ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্রকাশ কৰে । খানাপুৰৰ পৰা বৈভৱ পাৰ্টিল, কাতুলৰ পৰা সেলিল দেশমুখ আৰু মান সমষ্টিৰ পৰা প্ৰভাকৰ ঘৰ্গে প্ৰতিদ্বন্দিতা কৰিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।