মহাকুম্ভ মেলাত মহিলা সবলীকৰণৰ উদ্দেশ্যে কেইবাটাও পেভেলিয়ন স্থাপন

প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলা মহিলা সবলীকৰণৰ মঞ্চ হৈ পৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বিভিন্ন সংস্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠানে মহিলাসকলৰ বাবে মঞ্চ আগবঢ়াইছে। মহিলা সবলীকৰণৰ উদ্দেশ্যে কুম্ভমেলাত মহিলাসকলৰ অধিকাৰৰ হকে কেইবাটাও পেভেলিয়ন স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাসকলৰ অধিকাৰ সাব্যস্ত কৰিব পৰা আইন সম্বন্ধীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে এটা পেভেলিয়ন স্থাপন কৰিছে। এই কুম্ভমেলাতে স্থানীয় আৰু গ্ৰামাঞ্চলৰ পৰা অহা মহিলাসকলে পৰাম্পৰাগত হস্তনির্মিত বস্ত্ৰ, শিল্প আৰু জৈৱিক সামগ্ৰী বিক্ৰীৰ বাবে বিপণী স্থাপন কৰিছে।