ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন ভক্তৰ মৃত্যু

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ কালি অসমৰ হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল সহ কমেও ৩০ ভক্তই প্ৰাণ হেৰুৱায়। প্ৰয়াগৰাজৰ আৰক্ষীয়ে মহাকুম্ভ মেলাৰ মৌনী অমাৱস্যাৰ নিশা গংগাৰ ত্ৰিবেণী সংগমস্থলীত পূণ্যস্নান কৰিবলৈ গৈ পদপিষ্ট আহত নীতি ৰঞ্জন পালক চিকিৎ‍সালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ৬৪ বছৰীয়া নীতি ৰঞ্জন পাল তেওঁ পত্নীৰ সৈতে প্ৰয়াগৰাজলৈ গৈছিল। অসম চৰকাৰে পালৰ পৰিয়াললৈ সমবেদনা জনাইছে আৰু ৫ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিছে। ইপিনে মৃত নীতি ৰঞ্জন পালৰ প্ৰয়াগৰাজতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

মহাকুম্ভ মেলাত সংঘটিত এই শোকাবহ দুৰ্ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। তেওঁ প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘটনা সন্দৰ্ভত তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ লগত অহৰহ যোগাযোগ ৰাখিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।