ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাকুম্ভত কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ৰ বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে আজি সন্ধিয়া প্ৰয়াগৰাজৰ মহাকুম্ভত এটা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিল্পীসকলে এই অনুষ্ঠানত গীত-নৃত্য আৰু বিভিন্ন কলা পৰিবেশন কৰিব। ওডিচি নৃত্য শিল্পী চ’নাল মানসিং আৰু ডনা গাংগুলী, বিশিষ্ট গায়ক হৰিহৰণ, সুৰেশ ৱাডকাৰ, কবিতা কৃষ্ণমূৰ্তীকে ধৰি প্ৰসিদ্ধ শিল্পীসকলে অনুষ্ঠান পৰিবেশন কৰিব। এইবাৰৰ মহাকুম্ভ কেৱল ভক্তি আৰু বিশ্বাসৰ মহোৎসৱেই নহয় বৰং ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ হিচাপেও বিবেচিত হৈছে। গংগা পণ্ডলত হ’বলগীয়া আজিৰ সাংস্কৃতিক অনুষ্ঠানত দেশৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰাক প্ৰদৰ্শন কৰা হ’ব।