ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাকাশ ষ্টাৰ্ট আপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ বাবে যুৱ প্ৰজন্মৰ ভালেসংখ্যকে আগবাঢ়ি আহিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২১ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহতে ভাৰতে আর্যভট্ট উপগ্রহ উৎক্ষেপন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আনন্দ প্রকাশ কৰে। ভাৰতে ১০৪ টা উপগ্রহ উৎক্ষেপন কৰাটো তেওঁ গৌৰৱৰ বিষয়ে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ। ভাৰতে মহাকাশ খণ্ডক ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিছে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত মহাকাশ ষ্টাৰ্ট আপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ বাবে যুৱ প্ৰজন্মৰ ভালেসংখ্যকে আগবাঢ়ি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। ভাৰতে গগনযান, স্পেডেক্স আৰু চন্দ্ৰয়ান-ফ’ৰ আদিৰ দৰে বহু গুৰুত্বপূৰ্ণ অভিযানৰ প্ৰস্তুতিত ব্যস্ত থকা বুলিও তেওঁ উল্লেখ কৰে।
বিগত মাহত ম্যানমাৰত হোৱা বিধ্বংসী ভূমিকম্পৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয়, যে ভাৰতে অপাৰেশ্বন ব্ৰহ্মৰ জৰিয়তে তাৎক্ষণিকভাৱে দেশখনলৈ সাহায্য সামগ্ৰী পঠোৱাৰ লগতে উদ্ধাৰ অভিযানতো সহায় কৰিছে। ভাৰতে আফগানিস্তানলৈ বৃহৎ পৰিমাণৰ প্ৰতিষেধক টীকা পঠিওৱাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে এই সপ্তাহতে ভাৰতে নেপালৰ অনুৰোধত দেশখনলৈ যথেষ্ট পৰিমাণৰ প্ৰতিষেধক টীকা পঠিয়াইছে। বান, ধুমুহা, ভূমিস্খলন, চুনামি, বনজুই আদি যিকোনো প্রাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ সহায় হোৱাকৈ সচেত এপ মুকলি কৰাৰ কথাও শ্রীমোদীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।