মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম’ৰৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তন

সুদীৰ্ঘ ৯ মাহ ধৰি আন্তঃ ন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম’ৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। স্পেচএক্সৰ ড্ৰেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা ৩ বাজি ২৭ মিনিটত গাল্ফ অৱ মেক্সিকোত অৱতৰণ কৰে। ইয়াৰ লগে লগে মহাকশচাৰী দুগৰাকীয়ে স্পেচএক্সৰ ক্ৰু-নাইনৰ সৈতে আন দুগৰাকী মহাকাশচাৰী নাছাৰ নিক হেক আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডৰ গনভৰ লগতে নিজৰ যাত্ৰা সমাপ্ত কৰে। উল্লেখযোগ্য যে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজুতিৰ বাবে বিগত বৰ্ষৰ জুনৰ পৰাই মহাকাশচাৰী দুগৰাকী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছিল। দুয়োগৰাকী মহাকাশচাৰীয়ে নিৰ্ধাৰিত সময়ৰ তুলনাত ২৭৮ দিন বেছিকৈ অর্থাৎ ২৮৬ দিন মহাকাশত থাকে। ইয়াৰ পৰিৱৰ্তে যোৱা দেওবাৰে ক্রু-টেনৰ ৪ জন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দায়িত্ব গ্ৰহণ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।