মন্থা ঘূৰ্ণীবতাহত ক্ষতিগ্রস্ত অঞ্চলসমূহত সহায় আগবঢ়াবলৈ দলীয় গোটসমূহক নির্দেশ জে পি নাড্ডাৰ

■ মন্থা ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্রস্ত অঞ্চলসমূহত প্রয়োজনীয় সহায় আৰু সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই দলীয় গোটসমূহক নির্দেশ দিছে। ক্ষতিগ্রস্ত অঞ্চলসমূহত স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি সাহায্য-সামগ্ৰী আৰু স্বাস্থ্যসেৱা প্ৰদানৰ বাবে দলীয় কর্মকর্তাসকলক বিশেষ ভূমিকা গ্রহণ কৰিবলৈ শ্ৰীনাড্ডাই আহ্বান জনাইছে। তেওঁ লগতে ঘূর্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলৈ প্ৰতিটো বুথ পৰ্যায়ৰ গোটক নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।