ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম-অৰুণাচলৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু ৰাজ্যৰ আবকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি দুয়োখন ৰাজ্যৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূর্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ বাবে ক্ষীপ্ৰতাৰে তথ্যৰ আদান-প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকত দুয়োখন ৰাজ্যৰ বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।