October 21, 2025 8:04 PM | Central Railway

printer

মধ্য ৰে’লৱেৰ ১৯ ছেপ্তেম্বৰৰ পৰা ৩০ নবেম্বৰলৈকে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ১৯৯৮ খন দেৱালী বিশেষ ৰে’লৰ চলাচল

মধ্য ৰে’লৱেই ১৯ ছেপ্তেম্বৰৰ পৰা ৩০ নবেম্বৰলৈকে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষণ আৰু আৰক্ষণ বিহীন ১৯৯৮ খন দেৱালী বিশেষ ৰে’ল চলাচল কৰাইছে। ইয়াৰ ভিতৰত মুম্বাইৰ পৰা ছশৰো অধিক ৰে’ল বিভিন্ন ৰাজ্যলৈ চলাচল কৰোৱা হৈছে। মুম্বাই অঞ্চলৰ পৰা প্ৰতিদিনে প্রায় ১০০ খন নিয়মীয়া আৰু ৮-১০ খন বিশেষ ৰে’ল চলাচল কৰোৱা হৈছে। মুম্বাই সংমণ্ডলৰ পৰা আজি মুঠ ৭৭ খন ৰে’ল চলাচল কৰোৱা হৈছে আৰু পৰৱৰ্তী তিনিটা দিনত ২৪ খন ৰে’ল চলাচল কৰোৱা হ’ব।

ইতিমধ্যে, সমগ্র দেশতে ৭০৫ টা ৰেলৰ যাত্ৰা সম্পূৰ্ণ হৈছে আৰু ইয়াৰ ফলত ১০ লাখ ৬৮ হাজাৰ যাত্রী গন্তব্য স্থানত উপনীত হৈছে। এই উৎসৱৰ বতৰত বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবঙ্গ, মধ্য প্রদেশ আদিকে ধৰি আন ৰাজ্যৰ ৩০ লাখৰো অধিক যাত্ৰীক এই ৰেল যাত্ৰাৰ সুবিধা প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।