October 22, 2025 8:08 PM | SC Direction

printer

মধ্য প্রদেশ উচ্চ ন্যায়ালয়ক এটা ৰায় সম্পৰ্কত চাৰি মাহৰ সময় উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক সেৱাত দৃষ্টি বাধাগ্ৰস্ত লোকক কর্ম সংস্থাপনৰ সুযোগ লাভৰ পৰা বঞ্চিত কৰিব পৰা নাযায় বুলি চলিত বৰ্ষৰ আগভাগত দিয়া ৰায় ৰূপায়ণ কৰাৰ বাবে মধ্য প্রদেশ উচ্চ ন্যায়ালয়ক উচ্চতম ন্যায়ালয়ে চাৰি মাহৰ সময় দিছে। ন্যায়াধীশ জে বি পার্ডিবালা আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে মধ্য প্রদেশ উচ্চ ন্যায়ালয়ৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়ে সর্বোচ্চ ন্যায়ালয়ৰ ৰায় ৰূপায়ণ কৰাৰ নিয়ম যুগুতাই উলিওৱাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে পৰামৰ্শ কৰা উচিত বুলি আগবঢ়োৱা যুক্তি মানি লয় আৰু ইয়াৰ বাবে চাৰি মাহৰ সময় দিয়ে। উচ্চতম ন্যায়ালয়ে যোৱা মাৰ্চত এটা ঐতিহাসিক ৰায়যোগে দৃষ্টি বাধাগ্রস্ত লোকক ন্যায়িক সেৱাৰ পৰা বঞ্চিত কৰি অহা মধ্য প্রদেশ ন্যায়িক সেৱাৰ নিয়মাবলী খাৰিজ কৰিছিল। আন এটা গোচৰত সর্বোচ্চ ন্যায়ালয়ে ১৯৫৬ চনৰ হিন্দু উত্তৰাধিকাৰ আইন অনুসূচিত জাতিৰ লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি উল্লেখ কৰিছিল। ন্যায়াধীশ সঞ্জয় কৰোল আৰু প্ৰশান্ত কুমাৰ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত হিমাচল উচ্চ ন্যায়ালয়ে দিয়া ৰায় খাৰিজ কৰিছিল। উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ জনজাতীয় এলেকাসমূহত কন্যা সন্তানসকলৰ হিন্দু উত্তৰাধিকাৰ আইন অনুযায়ীহে সম্পত্তিৰ অধিকাৰ আছে জনজাতীয় প্রথা অনুসৰি নহয় বুলি ৰায় দিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।