ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ এন আই এ আদালত গঠন

কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এন আই এয়ে ৰাজ্যখনত ২০২৩ চনৰ ৩ মে’ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰি আছে। ইয়াৰ ভিতৰত জিৰিবামত ৬গৰাকী মহিলা আৰু শিশুৰ অপহৰণ আৰু হত্যাৰ ঘটনা অন্যতম। উল্লেখযোগ্য যে মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগৰ পাছত যোৱা ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল।