ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছেঃ বিজেপি

দেশৰ কেইখনমান ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র শুধাংশু ত্রিবেদীয়ে কয় যে দেশত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অত্যন্ত প্রয়োজন। কংগ্ৰেছৰ নেতা আৰু ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনচাৰিয়ে বুথ পৰ্যায়ৰ বিষয়াসকলৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি শ্রীত্রিবেদীয়ে এনে ধৰণৰ মন্তব্যক নিন্দনীয় বুলি প্ৰকাশ কৰে। পশ্চিম বংগত বুথ পৰ্যায়ৰ বিষয়াক ভাবুকি দিয়াৰ বাবে টি এম চিৰ মুথ পৰ্যায়ৰ এজেণ্টৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰজনে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত বাৰম্বাৰ প্ৰৰোচনামূলক মন্তব্য প্ৰদান কৰি আহিছে। লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধী দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নথকাৰ বিষয়ে উল্লেখ কৰি শ্ৰীত্রিবেদীয়ে কয় যে ইয়াৰ দ্বাৰা দেশৰ সাংবিধানিক ব্যৱস্থাৰ প্ৰতিচ্ছবিক কলংকিত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।