বিটিচিৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্র সন্থা-এবছুৱে দাবী উত্থাপন কৰিছে। অসম চৰকাৰী ভাষা সংশোধনী আইন ২০২০ অনুসৰি এই ব্যৱস্থা লবলৈ সংগঠনটোৱে দাবী জনাইছে। কোকৰাঝাৰ জিলাৰ বডোফা নগৰত আয়োজিত এখন সংবাদমেলত এবছুৰ সভাপতি দীপেন বড়োৱে এই আহ্বান জনায়। তেওঁলোকে বিটিআৰৰ উপৰি বড়ো জনগোষ্ঠীৰ বসতিপ্রধান অঞ্চলসমূহৰ চৰকাৰী কাম-কাজৰ বড়ো ভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।
শ্রীবড়োৱে কয় যে অসম চৰকাৰী ভাষা সংশোধনী আইন ২০২০ৰ পঞ্চম-ক অংশত বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্পষ্ট ৰূপত লিপিবদ্ধ কৰা হৈছে। এই আইন অনুসৰি বড়ো ভাষা-ভাষী লোকৰ বসতিপ্রধান অঞ্চলৰ চৰকাৰী কাম-কাজত ভাষাতো ব্যৱহাৰ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। সংগঠনটোৱে শেহতীয়াকৈ ভাষাটো বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপক আদৰণি জনাইছে। অসম ন্যায়িক সেৱাৰ গ্ৰেড থ্ৰিৰ মূল পৰীক্ষাত ৫০ নম্বৰৰ বড়ো ভাষাৰ কাকত আৰু কণিষ্ঠ প্ৰশাসনীয় সহায়ক পদৰ পৰীক্ষাত ২০ নম্বৰৰ বড়ো ভাষাৰ কাকত সংযোজনক লৈ সংগঠনটোৱে সন্তুষ্টি প্ৰকাশ কৰে। সংগঠনটোৰ সদস্যসকলে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন কর্তৃপক্ষক ভাষিক ন্যায় প্রদানেৰে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশৰ বাবে দাবী উত্থাপন কৰে।
Site Admin | July 13, 2025 8:15 PM | Bodo Language Voter List
ভোটদাতাৰ তালিকা বড়ো ভাষাত প্ৰকাশ কৰাৰ বাবে এবছুৰ দাবী উত্থাপন